নিউজ ডেস্কঃ ফ’ৰ্বছ আলোচনীৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নাম ৷ ৬১ বছৰীয়া সীতাৰমণ এই তালিকাৰ ৪১ সংখ্যক স্থানত আছে। এই তালিকাত থকা অন্যান্য ভাৰতীয় মহিলাসকলৰ ভিতৰত আছে এইচচিএল কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা কাৰ্যবাহী সঞ্চালক ৰোশনী নাদাৰ মালহোট্ৰা আৰু বায়’কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ-শ্ব।
উল্লেখ্য যে ফ’ৰ্বছ আলোচনীৰ দ্বাৰা প্ৰকাশিত এই তালিকাৰ প্ৰথম স্থান একেৰাহে দশম বৰ্ষৰ বাবে অধিকাৰ কৰে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল আৰু কমলা হেৰিছ ৷ কমলা হেৰিছৰ নাম ফ’ৰ্বছ আলোচনীৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে৷ লগতে ইউৰোপীয় চেন্ট্ৰেল বেংকৰ মুৰব্বী ক্ৰিষ্টিন লেগাৰ্ডে দ্বিতীয় বছৰৰ বাবে দ্বিতীয় স্থানত থকাৰ লগতে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছে তালিকাৰ তৃতীয় স্থান দখল কৰে ৷