পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছে আৰু এই সন্দৰ্ভত ৩১ মাৰ্চত আলোচনা অনুষ্ঠিত হব। পাকিস্তানৰ বিৰোধী দলপতি শ্বাহবাজ শ্বৰীফে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সংসদৰ উপাধ্যক্ষ কাছিম খানে এই আলোচনা আৰু তিনি দিনলৈ পিছুৱাই দিছে। পুনৰ আস্থাৰ ভোট ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ৮ মাৰ্চত বিৰোধীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। তথ্য অনুসৰি, বিৰোধী শিবিৰৰ মুঠ ৮৬ জন সদস্যই ৰাষ্ট্ৰীয় সংসদ সচিবালয়লৈ অনা এই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰে। নিয়ম অনুসৰি, বৰ্তমান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ নিম্নতম ৬৮ টা বিৰোধী স্বাক্ষৰৰ প্ৰয়োজন। আস্থা ভোটৰ দিনা, পাকিস্তান মুছলিম লীগ নৱাজৰ সভাপতি শ্বাহবাজ শ্বৰীফে ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ আশা কৰে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক এসপ্তাহৰ ভিতৰত নিৰ্ণয় কৰা হ’ব।
আনহাতে, ইমৰান খানৰ পাছত এইবাৰ বিৰোধীয়ে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ আনিছে। সোমবাৰে মুখ্যমন্ত্ৰী উছমান বুজদাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে। একাংশ ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে, ইমৰান খান চৰকাৰৰ পতন হবলৈ মাত্ৰ কিছু সময় বাকী।