শান্তিৰ নোবেল বঁটাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নাম মনোনিত কৰা হৈছে। ইউৰোপৰ বহু ৰাজনৈতিক নেতাই লগ লাগি ন’ৰৱেৰ নোবেল কমিটিত সম্বোধন কৰি আহ্বান জনাই যে শান্তিৰ নোবেল বঁটাৰ বাবে জেলেনস্কিৰ নাম মনোনীত কৰিব লাগে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি জেলেনস্কিৰ নামটো উত্থাপন হোৱাৰ পাছতেই নোবেল বঁটা ২০২২ ৰ বাবে মনোনয়ন দাখিলৰ সময়-সীমা বৃদ্ধি কৰা হৈছে।
ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে ৰাষ্ট্ৰপতিগৰাকীৰ নাম নোবেল বঁটাৰ মনোনয়নৰ বাবে আহ্বান জনোৱাৰ পাছতেই বহু বিতৰ্কও সৃষ্টি হৈছে।