পাকিস্তানৰ ৰাজনৈতিক নেতাসকলৰ এজনে আনজনলৈ বোকা ছটিওৱাৰ প্ৰৱণতাই আন্তৰ্জাতিক প্ৰেক্ষাপটত দেশখনক হীন কৰিবলৈও যেন কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ, পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদে মৃত সন্ত্ৰাসবাদী আজমল কাচাবৰ কথা উল্লেখ কৰি কয় যে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে আজমল কাছাবৰ তথ্য ভাৰতলৈ প্ৰেৰণ কৰিছিল।
উল্লেখ্য যে, ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অন্যতম আৰু জীৱিত হিচাপে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ দুধৰ্ষ সন্ত্ৰাসবাদী আজমল কাছাব পাকিস্তানৰ লস্কৰ-ই-তৈবা (এল-ই-টি) সংগঠনৰ সদস্য আছিল বুলি প্ৰায় ১৪ বছৰৰ পিছত ৰাজহুৱাকৈ স্বীকাৰ কৰে। কোনো অনুশোচনা নকৰাকৈ, পাকিস্তানৰ মন্ত্ৰীজনে বিদ্বেষপূৰ্ণ আছিল যে বিৰোধী দলৰ নেতাজনে ভাৰতীয় কৰ্তৃপক্ষৰ ওচৰত এটা গোপন কথা এৰি দিছিল।
#WATCH Nawaz Sharif gave the address of Ajmal Kasab to India. I stand with you,interior minister of Pakistan Sheikh Rashid pic.twitter.com/Tr7AEoe1R5
— Ghulam Abbas Shah (@ghulamabbasshah) March 30, 2022
“নৱাজ শ্বৰীফেই ভাৰতক আজমল কাছাব পাকিস্তানৰ ফৰিদকোটৰ বাসিন্দা আছিল বুলি তথ্য যোগান দিছিল,” পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তদুপৰি, কাছাব সন্দৰ্ভত আইনীভাৱেও ভাৰতক সহায় কৰাৰ বাবে শ্বৰীফক সমালোচনা কৰি গৌৰৱান্বিত হৈ তেওঁ কয়, “যদি এইটো এটা ভুল তথ্য হয় তেন্তে মোক চোৰ বুলি গণ্য কৰক আৰু মই শাস্তি গ্ৰহণ কৰিম।” আন দেশৰ প্ৰতি ইমান সংবেদনশীল আৰু স্পৰ্শকাতৰ বিষয়ত গৌৰৱ কৰা পাকিস্তানৰ ধৃষ্টতাৰ বাবে দেশখনে বিশ্বদৰবাৰত নিজৰ প্ৰতিচ্ছবি নিম্নগামী কৰি তুলিছে।
পেৰিছস্থিত ৱাচডগ AFTFৰ দ্বাৰা তালিকাভুক্ত গ্ৰে, সন্ত্ৰাসবাদ বিৰোধী পুঁজি আৰু মানি লণ্ডাৰিং আইনৰ প্ৰতিকাৰত ব্যৰ্থতাৰ তালিকাত পাকিস্তানক অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত দেশৰ বিত্তীয় ৰাজধানী মুম্বাইক জোকাৰি যোৱা আক্ৰমণত ছত্ৰপতি শিৱাজী টাৰ্মিনাস, তাজমহল হোটেল এণ্ড টাৱাৰ, অবেৰয় আৰু ট্ৰাইডেণ্টৰ লগতে নৰিমন হাউছৰ দৰে অভিজাত হোটেলৰ দৰে জনবহুল স্থানসমূহ মুখ্য লক্ষ্য আছিল। বিত্তীয় ৰাজধানীক লক্ষ্য কৰি লোৱা অভিজাত স্থানসমূহত হোৱা বিস্ফোৰণ আৰু গুলীচালনাৰ শৃংখলাত প্ৰায় ১৭৪ জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ জন আহত হৈছিল।