নিউজ ডেস্কঃ ইংৰাজী নতুন বছৰটোত এক ভাল খবৰেৰে আৰম্ভণি হ’ল ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ অনুমোদন লাভ কৰিলে ফাইজাৰ-বায়’এনটেক ভেকচিনে ৷ জৰুৰী অৱস্থাত ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে এই ভেকচিনৰ অনুমতি প্ৰদান কৰিছে। উল্লেখ্য, বিশ্বৰ বিভিন্ন দেশত ফাইজাৰৰ ভেকচিন ব্যৱহাৰৰ পথ মুকলি কৰা হৈছে। যিমান সম্ভৱ শীঘ্ৰে দৰিদ্ৰ দেশসমূহত ক’ৰোনাৰ ভেকচিন অনাৰ জৰুৰী তালিকা প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। অৰ্থাৎ তৃতীয় বিশ্বৰ অন্তৰ্গত দুখীয়া দেশসমূহেও শীঘ্ৰে লাভ কৰিব ফাইজাৰ ক’ৰোনাৰ ভেকচিন।
ভাৰততো ভেকচিন প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলি আছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ২ জানুৱাৰীৰ পৰা দেশৰ প্ৰতিখন ৰাজ্যতে ক’ৰোনা ভেকচিনৰ ড্ৰাই-ৰান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে, দেশৰ চাৰিখন ৰাজ্য অসম, পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশত ড্ৰাই-ৰান সম্পন্ন হৈছে। প্ৰতিবেদন অনুসৰি উক্ত চাৰিখন ৰাজ্যত ড্ৰাই-ৰানৰ ফলাফল ভাল হৈছে আৰু সেয়েহে চৰকাৰে গোটেই দেশতে ড্ৰাই-ৰানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।