ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতেই ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পূৰ্বৰে পৰাই আমেৰিকা, বৃটেইন আদি দেশে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে ভয়ংকৰ পৰিণাম ভূগিব লাগিব বুলি সকিয়াই আহিছিল। অৱশ্যে, ইউক্ৰেইন আক্ৰমণ কৰি প্ৰায় দখল কৰাৰ পিছতো আমেৰিকা, বৃটেইন আদিৰ দৰে দেশে ৰাছিয়াৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিব পৰা নাই। তাৰ পৰিৱৰ্তে, ৰাছিয়াৰ কেইবাটাও বেংকক বৃটেইন, আমেৰিকা আদিত নিষিদ্ধ কৰা আৰু অৰ্থনৈকিত অৱৰোধ কাৰ্যসূচী গ্ৰহণতে সীমাৱদ্ধ থকা দেখা গৈছে।
অৱশ্যে, ইয়াৰ মাজতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ প্ৰভাৱ দেখা দিছে খেলপথাৰত। ইংলেণ্ডে ৰাছিয়াৰ বিৰুদ্ধে খেল পথাৰত নমাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, বৃটেইনৰ ফুটবল দলটোৱে ৰাছিয়াৰ বিৰুদ্ধে ফুটবল নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় জুডোৰ ফেডাৰেচনৰ সভাপতিৰ দায়িত্ব পালন কৰি অহা ভ্লাদিমিৰ পুটিনক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে।
উল্লেখ্য যে পুটিন নিজেই এগৰাকী জুডো খেলুৱৈ। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হ’বলৈও সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ক্ৰীড়া ক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰীয় সংগীত আৰু পতাকা নিষিদ্ধ কৰিছিল।