আজি ২৬ নৱেম্বৰ , মুম্বাইত উগ্ৰবাদী আক্ৰমণৰ ঘটনাই ১২টা বৰ্ষ অতিক্ৰম কৰিলে। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তাইবা (এলইটি)-ৰ প্ৰশিক্ষণপ্ৰাপ্ত দহজন সন্ত্ৰাসবাদীয়ে ২৬ নৱেম্বৰ, ২০০৮ চনত তাজমহল হোটেল, ওবেৰয় হোটেল, লিয়পোড কেফে, নাৰিমান (চাবাদ) হাউচ, আৰু ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ট্ৰেইন ষ্টেচনকে ধৰি মুম্বাইত আক্ৰমণ চলাইছিল৷
চাৰিদিন ধৰি চলা এই আক্ৰমণত বহুকেইজন বিদেশী লোককে ধৰি ১৬৬ জনৰো অধিক লোক নিহত হৈছিল। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২৬-১১ত যি আক্ৰমণ কৰিছিল সিয়েই ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয় এক আতংকৰো সৃষ্টি কৰিছিল ৷ পাকিস্তানৰ ১০ জন লস্কৰ-ই-তাইবা সন্ত্ৰাসবাদীয়ে কৰা এই আক্ৰমণ পাকিস্তানে অস্বীকাৰ কৰিছিল ৷ যাৰ ফলত সমগ্ৰ বিশ্বই ভাৰতৰ হৈ থিয় দিছিল ৷
এই সংক্ৰান্তত আমেৰিকা যুক্তৰাষ্ট্ৰই শনিবাৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত তেওঁলোক ভাৰতৰ সৈতে আছে আৰু আক্ৰমণকাৰীসকলক উচিত শাস্তি আৰু ভুক্তভোগীসকলৰ বাবে ন্যায় নিশ্চিত কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে।