অৱশেষত কিছু সকাহ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈ। খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ ৰবিবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে। প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে, তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।
অন্যহাতে ইমৰাণ খানে কয় যে এই সমগ্ৰ ঘটনাত বিদেশীৰ হাত আছে। বিৰোধীক সহায় কৰিছে বিৰোধীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইঠিল ইমৰাণ খানৰ চৰকাৰে। তাৰ পাছতেই ইমৰাণ খানৰ পদক লৈ আছিল অনিশ্চিয়তা।