নিউজ ডেস্কঃ অসমীয়াৰ আৱেগ মাজুলী ৷ অসমীয়াৰ আয়ুসৰেখা মাজুলী। অসমীয়াৰ ড্ৰিমলেণ্ড মাজুলী ৷ অতীজৰে পৰা মাজুলীক লৈ কবিয়ে ৰচিলে কতনা কবিতা, গীতিকাৰে ৰচিলে কতনা গীত….. তথাপি মাজুলী চিৰনতুন… চিৰসেউজ ৷ ৷ অসমৰ হৃদপিণ্ড মাজুলীৰ এগৰাকী খেতিয়ক , তেওঁৰ নাম ৰাজীৱ কুটুম ৷ ৩৫ বছৰীয়া ৰাজীৱ কুটুম মাজুলীৰ উজনি চুমৈমাৰীৰ বাসিন্দা৷ খেতিয়ক ৰাজীৱ কুটুমৰ কৃষি কাৰ্য বন্দী হ’ল জ’ন ষ্টেনমেয়েৰৰ কেমেৰাত ৷ আমেৰিকাৰ ফ’টো সাংবাদিক জ’ন ষ্টেনমেয়েৰ কৃষিৰ স্নেপশ্ব’টে স্থান পালে নেচনেল জিয়’গ্ৰাফিক্সৰ আলোচনীত ৷
View this post on Instagram
প্ৰতিবাৰ বাৰিষাৰ বানে কাঢ়ি লৈ যায় ৰাজীৱৰ হেঁপাহৰ খেতিদৰা ৷ লগতে তেওঁৰ মাছখিনিও৷ সৰ্বহাৰা খেতিয়ক ৰাজীৱৰ অন্য এক উপাৰ্জৰ দিশ হ’ল মীন পালন ৷ ফ’টো সাংবাদিক জ’ন ষ্টেনমেয়েৰে তোলা ফ’টোখনত ৰাজীৱে মাছ ধৰিবলৈ পাম্পেৰে পানী সিঁচি থকা এটি দৃশ্যাংশ প্ৰকাশ পাইছে৷ য’ত অসমৰ সৰ্বস্তৰৰ কৃষকৰ দুখভৰা প্ৰতিচ্ছবিখন ফুটি উঠিছে৷