নিউজ ডেস্কঃ প্ৰথম বাৰৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলে লাভ কৰিছে সৌৰজগতৰ বাহিৰৰ জগতৰ গ্ৰহৰ পৰা অহা ৰেডিঅ সংকেত ৷ এই গ্ৰহটো আছে ৫১ আলোকবৰ্ষ দূৰত থকা বহিৰ্বিশ্বৰ এখন সৌৰজগতত। টাউ বুটিছ সৌৰজগতত এটা উত্তপ্ত বৃহস্পতি গ্ৰহত হোৱা বিস্ফোৰণৰ পৰা নিৰ্গত তৰংগ ধৰা পেলালে আন্তঃৰাষ্টীয় তথা নেদাৰলেণ্ডৰ এদল গৱেষকে ৷ বহিৰ্বিশ্বৰ পৰা অহা এই সংকেত নিম্ন কম্পনাংকৰ ৰেডিঅ’ টেলিস্কোপৰ জৰিয়তে লাভ কৰে ৷ উল্লেখ্য যে যিটো গ্ৰহৰ পৰা ৰেডিঅ’ সংকেত আহিছে সেই গ্ৰহটো বহিৰ্বিশ্বৰ সৌৰজগতখনৰ সূৰ্যটোৰ নিচেই ওচৰত থকা বৃহস্পতি গ্ৰহৰ দৰে এটা বৃহৎ গেছীয় পদাৰ্থৰে ভৰা উত্তপ্ত গ্ৰহ ৷ উল্লেখ্য যে “হট জুপিটাৰ” শীৰ্ষক গ্ৰহটোৰ পৰা অহা ৰেডিঅ’ সংকেতত বিজ্ঞানীসকলে লাভ কৰে হট জুপিটাৰ গ্ৰহটোৰ চৌম্বিক ক্ষেত্ৰই গ্ৰহক বিভিন্ন সৌৰ ধুমুহাকে ধৰি বিভিন্ন মহাজাগতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰে ৷ এই “হট জুপিটাৰ গ্ৰহটোত থকা জীৱসমূহ কেনে হ’ব তাৰ সৱিশেষ তথ্য অধ্যয়নৰ জৰিয়তে জানিব পৰা যাব বুলি বিজ্ঞানীসকলে জনায় ৷