নিউজ ডেস্কঃ বিশ্ববিখ্যাত ছুপাৰ মডেল ষ্টেলা টেনাণ্টৰ ৫০বছৰ বয়সত দেহাৱসান। ১৯৯০-ৰ দশকত ৰেম্পত আলোড়নৰ সৃষ্টি কৰা ছুপাৰ মডেল গৰাকীৰ মৃত্যুৰ খবৰ বুধবাৰে পৰিয়ালৰ লোকে প্ৰকাশ কৰে ৷ উল্লেখ্য, এটা বিজ্ঞপ্তিত ষ্টেলাৰ মৃত্যুৰ তথ্য সদৰী কৰি পৰিয়ালৰ লোকে লিখিছে,- ‘গভীৰ শোকেৰে আমি ঘোষণা কৰিব বিচাৰিছোঁ যে, ২২ ডিচেম্বৰত আকস্মিকভাৱে ষ্টেলা টেনাণ্টৰ মৃত্যু ঘটে। আমি তেওঁৰ অনুপস্থিতি গভীৰভাৱে অনুভৱ কৰিম।“
বিশ্ববিখ্যাত ভ’গ আলোচনীয়ে মডেলগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি লিখিছে যে ১৯৯৩ চনত ২২বছৰ বয়সত তেওঁ প্ৰথমে আলোচনীখনৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১৮ চনত তেওঁৰ এই আত্মপ্ৰকাশৰ ২৫ বছৰ উপলক্ষে শেষবাৰলৈ তেওঁ আলোচনীখনৰ বেটুপাতত ভুমুকি মাৰিছিল।