নিউজ ডেস্কঃ পৰাজয় স্বীকাৰ কৰিব নোখোজা ট্ৰাম্পে বহুতো হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰিছে ৷
ৱাশ্বিংটনত ট্ৰাম্পপন্থীৰ হিংসাত্মক কাণ্ডৰ কাৰণে পুনৰ চাৰিজনৰ মৃত্যু হৈছে।
ক্ৰমান্ধে পৰিস্থিতি বেয়ালৈ ঢাল খোৱা দেখি ৱাশ্বিংটন ডিচিৰ মেয়ৰ মুৰিয়েল বউজাৰে ১৫ দিনৰ বাবে জৰুৰীকালীন ব্যৱস্থা জাৰি কৰিছে।
কিয়নো নিৰ্বাচনৰ ফলাফল মানি ল’বলৈ অস্বীকাৰ কৰা ট্ৰাম্পপন্থীয়ে আকৌ যিকোনো সময়ত হিংসাত্মক কাৰ্য সাধন কৰিব পাৰে ৷
উল্লেখ্য, বুধবাৰে আমেৰিকাৰ সংসদৰ বাহিৰত হিংসাত্মক কাৰ্যত লিপ্ত হয় ট্ৰাম্পবাহিনী ৷
যাৰ ফলত ট্ৰাম্পৰ সমৰ্থনকাৰী আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে।
এই ঘটনাত একাংশ আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হৈছিল।
ঘটনাৰ পিছত প্ৰায় ৫২জনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে।
ট্ৰাম্পৰ এই হিংসাত্মক ঘটনাটোৰ পিছতে ৱাশ্বিংটন সান্ধ্য আইন জাৰি কৰা হৈছিল।
উল্লেখযোগ্য যে ট্ৰাম্পৰ এই কাণ্ডত অতিষ্ঠ হৈ টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
মাইক্ৰ’ ব্লগিং প্লেটফ’ৰ্ম টুইটাৰে (Twitter) ট্ৰাম্পৰ একাউণ্ট ১২ ঘণ্টাৰ কাৰণে চাচপেণ্ড কৰিছিল।