ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে সংঘৰ্ষ । তৃতীয় দিনাও ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে । এই অভাৱনীয় পৰিস্থিতিৰ মাজতো টুইটাৰ কতৃপক্ষৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা । শেহতীয়াকৈ ইউক্ৰেইন আৰু ৰাছিয়াত টুইটাৰে বন্ধ কৰিলে বিজ্ঞাপনৰ প্ৰদৰ্শন ।
টুইটাৰে এই কথা প্ৰকাশ কৰিছে । জনসাধাৰনৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে টুইটাৰ কতৃপক্ষই গ্ৰহণ কৰিছে এই পদক্ষেপ । বিজ্ঞাপনবোৰৰ বাবে যাতে ব্যৱহাৰকাৰীসকল গুৰুত্বপূৰ্ণ তথ্য লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে কতৃপক্ষই ।