নিউজ ডেস্কঃ বিশ্বৰ তৃতীয় বৃহৎ চাউল ৰপ্তানিকাৰীৰ দেশ হিচাপে ভিয়েটনামৰ এক স্বাভিমান আছে ৷
কিন্তু ভিয়েটনামৰ সেই স্বাভিমান খৰ্ব হ’ল ৷
অতদিনে চাউলৰ ব্যৱসায়ত ভিয়েটনামে ভাৰতক প্ৰতিদ্বন্দীৰূপে গণ্য কৰি আহিছিল ৷
কিন্তু, এইবাৰ দেশখনত ঘৰুৱা উৎপাদন হ্ৰাস পোৱাৰ ফলত ভিয়েটনামত চাউলৰ মূল্য ৯ বছৰৰ ভিতৰত সৰ্বাধিক স্তৰলৈ বৃদ্ধি পাইছে।
যাৰ বাবে ভাৰতৰ পৰা চাউল আমদানি কৰিবলৈ বাধ্য হৈছে ভিয়েটনামে ৷
উল্লেখ্য, এছিয়াৰ বহুতো দেশে পূৰ্বৰ ধাৰা সলনি কৰি থাইলেণ্ড আৰু ভিয়েটনামৰ বিপৰীতে ভাৰতৰ পৰাহে চাউল ক্ৰয় কৰিবলৈ আগ্ৰাধিকাৰ দিবলৈ ধৰিছে ৷