মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰে কৈছে যে QAnon conspiracy theoryৰ সৈতে সংলগ্ন ৭০ হাজাৰ টুইটাৰ একাউণ্ট নিষিদ্ধ ঘোষণা কৰা হৈছে।
টুইটাৰে ব্লগ পোষ্টত ক’লে যে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকাৰ সংসদ কেপিটেল হিলত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থকসকলে সৃষ্টি কৰা হিংসাত্মক পৰিস্থিতিৰ পিছতে।
টুইটাৰে ক’লে য, ৱাশ্বিংটন ডিচিত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত বৃদ্ধি হোৱা আশংকাৰ প্ৰতি লক্ষ্য ৰাখি হাজাৰ হাজাৰ একাউণ্ট স্থায়ীভাৱে নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰি দিছে,
এইসমূহ একাউণ্টে QAnonৰ কণ্টেট শ্বেয়াৰ কৰি আছিল।
ইয়াৰ লগতে এজন লোকে কেইবাটাও একাউণ্ট চলাই থকা বুলিও তথ্য পোহৰলৈ আহিছে।
টুইটাৰে ক’লে যে শুকুৰবাৰৰ পৰা আমি বৰ্তমানলৈ ৭০ হাজাৰ একাউণ্ট নিষিদ্ধ কৰিছো।
কি হয় QAnon conspiracy theory
বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে আচলতে QAnon conspiracy theory হয় কি?
দৰাচলতে QAnon conspiracy theory এটা কুখ্যাত দক্ষিণপন্থী সংগঠন হয়।
কট্টৰ খ্ৰীষ্টিয়ান, অল্ট্ৰা ৰাইট, ৰক্ষণশীল লোক এই সংগঠনটোৰ সদস্য।
এই সংগঠনটোৰ মতে পৃথিৱীয়ে শিশুৰ যৌন শোষণ কৰা এটা দল চলাই আছে।
এই দলটোৱে চয়তানৰ উপাসনা কৰে আৰু বিশ্বত নিজৰ আধিপত্য বিচাৰে।
এনেধৰণৰ লোকক পিড’ফাইল বুলি কোৱা হয় যিয়ে শিশুৰ সৈতে যৌন শোষণ চলাই আৰু শিশু যৌন শোষণত জড়িত হৈ থাকে।
এই সংগঠনটোৰ অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এটা উদ্দেশ্য হ’ল এই সংগঠনটোত জড়িত হৈ থকা লোকৰ চৰিত্ৰ উদঙোৱা আৰু শাস্তি প্ৰদান কৰা।
আমেৰিকাত এইধৰণৰ ষড়যন্ত্ৰ ৰচা সকলক ‘ডীপ ষ্টেট’ বুলি কোৱা হয়।
অৰ্থাৎ এইসকল লোক এনেধৰণৰ লোক যাৰ শিপা এখন ৰাজ্যতকৈও গভীৰ।
এই ষড়যন্ত্ৰৰ থিয়ৰীত বিশ্বাস কৰা লোকসকলৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পে গুপ্তভাৱে এইধৰণৰ লোকক দণ্ডিত কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰি আছে আৰু এদিন তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ব।
আমেৰিকাৰ নিৰ্বাচনৰ পূৰ্বে এই থিয়ৰীৰ ওপৰত বিশ্বাস কৰাৰ লোকৰ সংখ্যা বৃদ্ধি হৈ গৈয়ে আছিল, ইয়াৰে প্ৰায়ভাগ দক্ষিণপন্থী আৰু কট্টৰপন্থী লোকো অন্তৰ্ভুক্ত হৈ আছিল।
ট্ৰাম্পৰ বিষয়ে কোৱা হৈছে যে তেওঁ এনেধৰণৰ একাউণ্টৰ পোষ্ট শ্বেয়াৰ কৰিছে, যাৰ দ্বাৰা QAnon conspiracy theoryৰ সৈতে জড়িত কণ্টেট পোষ্ট কৰা হৈছিল।
টুইটাৰে যি ৭০ হাজাৰ একাউণ্ট নিষিদ্ধ কৰিলে তাত QAnon conspiracy theoryৰ সৈতে জড়িত পোষ্ট শ্বেয়াৰ কৰা হৈছিল।
Photo Credit: Google