অষ্ট্ৰেলিয়াত এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰে যে সংসদৰ ভিতৰত তেওঁৰ ধৰ্ষণ কৰা হৈছে।
অভিযোগ পোহৰলৈ অহাৰ পিছত মঙলবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে দুখপ্ৰকাশ কৰে আৰু তদন্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ৰয়টাৰ্ছৰ ৰিপৰ্ট অনুসৰি, মহিলাগৰাকীৰ অভিযোগ যে ২০১৯ৰ মাৰ্চত ৰক্ষা মন্ত্ৰী লিণ্ডা ৰেনোল্ডছৰ কাৰ্যালয়ত তেওঁক এজন লোকে ধৰ্ষণ কৰে।
মহিলাগৰাকীয়ে ক’লে যে ধৰ্ষণকাৰী প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ লিবৰল পাৰ্টীৰ বাবে কাম কৰিছিল।
মহিলাগৰাকীয়ে স্থানীয় মিডিয়াক জানিবলৈ দিয়া অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ এমাহ পিছত ২০১৯ৰ এপ্ৰিলত তেওঁৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল কিন্তু তেওঁ নিজৰ কেৰিয়াৰৰ বাবে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰা নাছিল।
আৰক্ষীয়ে এই কথাটো প্ৰকাশ কৰে যে মহিলাগৰাকীয়ে বিগত বৰ্ষত তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল।
মহিলাগৰাকীয়ে লগতে ক’লে যে তেওঁ ৰক্ষা মন্ত্ৰী লিণ্ডা ৰেনোল্ডছৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰীসকলক এই কথা অৱগত কৰিছিল।
মহিলাগৰাকীয়ে ক’লে যে ইয়াৰ পিছত তেওঁ এখন বৈঠকলৈ অংশগ্ৰহণৰ কথা কৈছিল আৰু তাত তেওঁৰ সৈতে নিৰ্যাতন চলোৱা হৈছিল।
ৰক্ষা মন্ত্ৰী লিণ্ডা ৰেনোল্ডছ এই কথাটো প্ৰকাশ কৰিছিল যে বিগত বৰ্ষত তেওঁকো মহিলাগৰাকীৰ অভিযোগৰ বিষয়ে জনোৱা হৈছিল।
কিন্তু তেওঁ এই কথাটোত অমাান্তি হয় যে আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল নকৰিবলৈ মহিলাগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল।
প্ৰধানমন্ত্ৰী স্কট মৰিছনে ক’লে যে, এনেকুৱা হ’ব নালাগে মই দুখপ্ৰকাশ কৰিছো।
মই এই কথাটো সুনিশ্চিত কৰিব বিচাৰিছো যে যিসকল মহিলাই এই স্থানত কাম কৰে তেওঁলোক সুৰক্ষিত হয় থাকক।
Photo: Google