বিশ্বত আজৱ ঘটনা। এগৰাকী মহিলাই খাবলৈ গৈছিল চিকেন বাৰ্গাৰ, কিন্তু প্ৰথমটো কামোৰ মাৰোতেই পালে মানুহৰ আঙুলিৰ টুকুৰা।
ব’লিভিয়াৰ নিবাসী এস্টেফনী বেনিটেজ নামৰ এগৰাকী মহিলাই এখন ফাষ্ট ফুডৰ দোকানত চিকেন বাৰ্গাৰ অৰ্ডাৰ কৰিছিল। কিন্তু প্ৰথমটো কামোৰ লওঁতেই তেওঁ মাংসৰ টুকুৰাটো টান পোৱাৰ ফলত এস্টেফনীয়ে চাওঁতে মানুহৰ আঙুলিৰ টুকুৰা দেখা পাই হতভম্ব হয়।
লগে লগে মহিলাগৰাকীয়ে ঘটনাৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে। ফাষ্টফুডখনৰ স্বত্বাধিকাৰীগৰাকীয়ে এই ঘটনাক অতিকৈ দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰে।