সংযুক্ত আৰৱ আমিৰশ্বাহীত মহিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে,
মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকক হত্যা কৰে আৰু তাৰ পিছত প্ৰেমিকৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি কেইজনমান লোক আৰু খুৱালে কুকুৰক।
দৰাচলতে এই মহিলাগৰাকীয়ে জানিব পাৰিছিল যে তেওঁৰ প্ৰেমিকে অন্য মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰি আছিল।
ৰিপৰ্ট অনুসৰি, এই প্ৰেমিক-প্ৰেমিকাৰ যুটীয়ে ৭ বছৰ ধৰি এজনে আনজনক ডেট কৰি আছিল আৰু দুয়ো মৰক্কোত বাস কৰিছিল।
এদিন এই প্ৰেমিকজনে প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ ক’লে যে অন্য যুৱতীক বিয়া কৰাবলৈ ওলাইছে।
এই কথাখিনি শুনাৰ পিছত মহিলাগৰাকীৰ ওপৰত সৰগ ভাঙি পৰিল।
তাৰ পিছত প্ৰেমিকাই প্ৰেমিকক হত্যা কৰে।
এই মহিলাগৰাকীৰ বয়স ৩০ বছৰ হয় আৰু দুয়োৰে মাজত ১০ বছৰৰ পাৰ্থক্য আছিল।
মহিলাগৰাকীয়ে ইয়াৰ পিছত আৰৱৰ এটা পৰম্পৰাগত আৰু জনপ্ৰিয় ব্যঞ্জন মেচবুছত প্ৰেমিকৰৰ শৰীৰৰ কেইটামান অংগ দি ৰান্ধে।
আদালতৰ এক ৰিপৰ্ট অনুসৰি এই মহিলাগৰাকীয়ে এই ব্যঞ্জনবিধ কেইজনমান শ্ৰমিকক খাবলৈ দিছিল।
ইয়াৰ পিছত তাই প্ৰেমিকৰ দেহৰ বাকী অংশ কুকুৰক খাবলৈ দিয়ে।
কিছু সময়ৰ পিছত এই লোকজনৰ ভাতৃয়ে তাক বিচাৰি আহি মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় আৰু মিক্সাৰত ভাতৃৰ দাঁত পায়।
তাৰ পিছত সন্দেহ জন্ম হয় ভাতৃৰ মনত আৰু মহিলাগৰাকীক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।
ভাতৃয়ে আৰক্ষীক ইয়াৰ বিষয়ে জনোৱাত আৰক্ষীৰ ওচৰত মহিলাগৰাকীয়ে সকলো কথা স্বীকাৰ কৰে। মহিলাগৰাকীক পিছত মানসিক হাস্পতাললৈ লৈ যায়।
Photo: Google