আজি বিশ্ব ৰেডিঅ’ দিৱস ।
২০১১ চনৰ পৰা প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰীত পালন কৰি অহা হৈছে বিশ্ব ৰেডিঅ’ দিৱস ।
‘বিৱৰ্তন, উদ্ভাৱন আৰু সংযোগ’ এই তিনি বিষয়ক থিম হিচাপে লৈ উদযাপন কৰা হৈছে এই বৰ্ষৰ বিশ্ব ৰেডিঅ’ দিৱস ।
১১০ বছৰীয়া ৰেডিঅ’ৰ ইতিহাসে প্ৰমাণ কৰিছে ছ’চিয়েল মিডিয়াৰ দ্ৰুত সঞ্চাৰৰ সময়তো ৰেডিঅ’ সংযোগৰ এক শক্তিশালী মাধ্যম হিচাপে বিদ্যমান ।
মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰা হয় বিশ্ব ৰেডিঅ’ দিৱস।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানটিৰ জনপ্ৰিয়তাই যোগাযোগৰ মাধ্যম হিচাপে ৰেডিঅ’ৰ গুৰুত্ব প্ৰমাণ কৰিছে ।
Happy World Radio Day! Greetings to all radio listeners and kudos to all those who keep the radio buzzing with innovative content and music. This is a fantastic medium, which deepens social connect. I personally experience the positive impact of radio thanks to #MannKiBaat.
— Narendra Modi (@narendramodi) February 13, 2021