জিন হুই । প্ৰাচীন চীনৰ চাংশা সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী লী ক্যাংৰ পত্নী জিন হুই।
১৯৭১ চনত চীনা শ্ৰমিকৰ এটা দলে উদ্ধাৰ কৰিছিল জিন হুইক ।
বিশ্বৰ বাবে আজিও এক ৰহস্য চীনত উদ্ধাৰ হোৱা এইটো দুহেজাৰ বছৰীয়া মামী ।
অলৌকিক যেন লাগিলেও নিখুঁত শৰীৰৰে ঈৰ্ষণীয় সৌন্দৰ্যৰ এক ২০০০ বছৰীয়া মামী জিন হুই।
উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পিছতে চাৰিওফালে ৰহস্য আৰম্ভ হয় । সেই সময়ত চীনত হ্যান ৰাজবংশৰ ৰাজত্ব আছিল।
জিন হুইৰ সমাধিৰ খবৰ পাইয়ে তৎপৰ হৈ পৰিছিল চীনৰ চৰকাৰ আৰু প্ৰেৰণ কৰে প্ৰত্নতত্ববিদসকলক ।
সমাধিটোৰ সৈতে আছিল হুইৰ স্বামী লি ক্যাং আৰু জিন হুইৰ পুত্ৰৰ সমাধি।
হুইৰ সমাধি বহুতো মূল্যৱান কাপোৰ আৰু বাদ্যযন্ত্ৰৰ দ্বাৰা পৰিবেষ্টিত আছিল।
কিন্তু প্ৰত্নতত্ববিদসকলক আকৰ্ষিত কৰিছিল মৃত শৰীৰটোৱেহে ।
তেওঁলোকৰ মতে, শৰীৰটো দেখি এনে লাগিছিল যেন জিন হুইৰ মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যু হৈছিল
হুইৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।
তেওঁৰ হাত-ভৰি অতি ভাল অৱস্থাত আছিল।
হুয়াইৰ মূৰৰ চুলি, তেওঁৰ চকুৰ পতা প্ৰায় নিখুঁত আছিল, আৰু তেওঁৰ শিৰাত তেজ আছিল ।
মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ শিৰাত তেজ জমা হোৱাৰ সন্ধান পায় আৰু ইয়াৰ পিছতে তেওঁলোকে জানিব পাৰে যে হুই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।
হুইৰ খাদ্যনলী আৰু পাকস্থলীত তৰমুজৰ ১৩৮ টা বীজ পোৱা গৈছিল, যিটো হজম কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।
জিন হুইৰ শৰীৰ মাটিৰ পৰা প্ৰায় ১২ মিটাৰ তলত বায়ুৰুদ্ধ অৱস্থাত আছিল।
চাৰিটা স্তৰৰ কফিনত সীমাবদ্ধ থকাৰ লগতে জিন হুইৰ মৃত শৰীৰ ২০ তৰপত ৰেচম কাপোৰেৰে বান্ধি ৰখা হৈছিল
৮০লিটাৰ তৰল পদাৰ্থৰ মাজত ডুবাই ৰখা হৈছিল জিন হুইৰ মৃতদেহ ।
জিন হুইৰ মৃত দেহটো এটা মামী বুলি বিশ্বাস কৰা হয়।
কিন্তু ইয়াক সংৰক্ষণ কৰাৰ পদ্ধতি মিছৰীয়সকলৰ পৰা অলপ পৃথক ।
ইয়াক এতিয়াও সম্পূৰ্ণৰূপে বিশ্লেষণ কৰা হোৱা নাই।
হ্যান ৰাজবংশৰ বিষয়ে বহুতো তথ্য জিন হুইৰ সমাধিৰ পৰাও জনা যায় ।
পূৰ্বতে সাধাৰণ মানুহে এই সকলো তথ্যৰ বিষয়ে অজ্ঞাত আছিল ।
জিন হুইৰ শৰীৰ আৰু তেওঁৰ সমাধিস্থল প্ৰত্নতত্ববিদ আৰু বৈজ্ঞানীকৰ বাবে গৱেষণাৰ এক গুৰুত্বপূৰ্ণ বিষয়।
photo: google