ফেচবুকৰ ছন্দ পতন। ১৭ বছৰৰ পাছত প্রথমবাৰ মার্ক জুকাৰবার্গৰ মালিকাধীন সংস্থাৰ ব্যৱহাৰকাৰীৰ সংখ্যা কমিল। যাৰ প্ৰভাৱ পৰিছে ফেচবুকৰ অভিভাৱক সংস্থা ‘মেটা’ৰ ওপৰত। ব্যবহাৰকাৰীৰ সংখ্যা কমি যোৱাত মেটাৰ লভ্যাংশ যথেষ্ট কমাৰ লগতে বিজ্ঞাপনতো প্ৰভাৱ পৰিছে বুলি সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে।
অৱশ্যে তেওঁলোকৰ ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িছে যদিও এই সংখ্যা কেৱল ফেচবুকৰেই নহয়, ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ-সহ গোটেইকেইটা মিলিহে এই বৃদ্ধি। এই সংকটৰ সময়ত বৃহস্পতিবাৰে মেটাৰ শ্বেয়াৰৰ দাম কমিল প্রায় ২৬ শতাংশ। এদিনতে সংস্থাৰ বজাৰমূল্য প্রায় ১৭ লাখ কোটি টকা কমিছে।
বিশেষজ্ঞৰ মতে, ফেচবুক ব্যবহাৰকাৰীৰ সংখ্যা অনিয়ন্ত্রিতভাৱে বৃদ্ধিৰ দিন আঁতৰিল। ফেচবুকে অলপতে প্রায় ১০ লাখ ব্যৱহাৰকাৰী হেৰুৱাইছে। আন একাংশই কৈছে, ফেচবুকে নতুন ব্যৱহাৰকাৰীক আকর্ষণ কৰাৰ ক্ষমতা হেৰুৱাইছে।