• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2022
in সংবাদ, অসম
1 min read
0
কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক কালমণি নৈখনক অসম চৰকাৰৰ জলসম্পদ বিভাগে চলিত বর্ষৰ বাৰিষাৰ প্ৰাকক্ষণত নতুনকৈ খান্দি, চাফ – চিকুণ কৰি পুনৰুজ্জীৱিত কৰিছিল। ফলত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদকে ধৰি বৃহত্তৰ আজাৰা অঞ্চল প্ৰায় এটা দশকৰ অন্তত বিগত বাৰিষাৰ সময়ছোৱাত কৃত্ৰিম বানপানীৰ কবলৰ পৰা ৰক্ষা পৰা পৰিলক্ষিত হৈছিল। তাৰ পাছত আজাৰা অঞ্চলৰ ৰাইজৰ অভিভাৱক স্বৰূপ আজাৰা তালুকৰ ফালৰ পৰা জাননী জাৰি কৰি কালমণি নৈত জাবৰ-জোঁথৰ পেলোৱা কাৰ্য নিষিদ্ধ কৰা হৈছিল। জাননীত নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছিল। কিন্তু খৰালি কাল আৰম্ভ হোৱাৰ পাছৰে পৰা বিগত প্ৰায় এমাহ ধৰি একাংশ লোকে জলসম্পদ বিভাগে প্ৰাণ দিয়া কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই নৈখনক ধ্বংস কৰা কাৰ্যত লিপ্ত হৈছে। আনকি চৰকাৰী – বেচৰকাৰীভাবে যদি শীঘ্ৰে এই দুষ্কাৰ্য ৰোধ কৰিব পৰা নহয় তেন্তে চলিত খৰালি কালতে কালমণি নৈখনৰ পুনৰ মৃত্যু হোৱাটো নিশ্চিত।

উল্লেখযোগ্য যে মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ পৰা বৈ অহা পানীভাগ পাটগাঁও, আজাৰা অঞ্চলৰ অতিৰিক্ত পানীভাগ কালমণি নৈৰে বৈ গৈ দীপৰ বিলত পৰে। ইয়াৰ পিছত দীপৰ বিলৰ অতিৰিক্ত পানীভাগ পুনৰ খানা জানেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে সুদীৰ্ঘ বহু বছৰ ধৰি ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে নৈখন দীপৰ বিলত পৰা অংশখিনীলৈ এচাম লোকে কালমণি নৈখনত অবাধে জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই অহাৰ ফলত বিগত প্ৰায় এটা দশক ধৰি নৈখনৰ অপমৃত্যু হৈছিল। ফলত বি এছ এফৰ পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদ, ভি আই পিৰ মিলন নগৰকে ধৰি বৃহত্তৰ আজাৰাৰ এক বিস্তীৰ্ণ অঞ্চল বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ কবলত পৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছিল। অৱশেষত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ তৎপৰতাত জলসম্পদ বিভাগৰ মিৰ্জাস্থিত পলাশবাৰী – গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা কালমণি নৈখনক পুনৰ জীৱন দান দিয়াৰ লক্ষৰে ৰাণীগেটৰ পৰা অৰ্জুনগুৰিৰ দলঙলৈকে খনন কাৰ্য আৰম্ভ কৰি জুন মাহত কাম সম্পূৰ্ণ কৰিছিল। আনকি খনন কার্য চলোৱাৰ সময়ত নৈখনৰ ওপৰত চৰকাৰী – বেচৰকাৰীভাবে নিৰ্মাণ কৰা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হৈছিল। আজাৰা তালুক কমিটিকে ধৰি আজাৰা অঞ্চলৰ সচেতন ৰাইজেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছিল। আনহাতে জলসম্পদ বিভাগৰ পলাশবাৰী গুমি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মাই জানিবলৈ দিয়া মতে এতিয়া নৈখন যদি বোৱতী হৈ থাকিব লাগে , তেন্তে ৰাইজৰ সম্পূৰ্ণ সহযোগিতা থাকিলেহে সম্ভৱ হব। যদি ৰাইজে পূৰ্বৰ দৰে আকৌ কালমণিত পুনৰ বৰ্জিত আৱৰ্জনা পেলাই তেন্তে পুনৰ নৈখন মৃত্যুৰ মুখলৈ গতি কৰিব । যাৰ বাবে কাৰ্যবাহী অভিযন্তা গৰাকীয়ে এইক্ষেত্ৰত সকলোকে কালমণি নৈত যাতে কোনোৱে পূৰ্বৰ দৰে আৱৰ্জনা নেপেলাই তাৰ বাবে আহ্বান জনাইছে।

Previous Post

বাতিল হ’ব চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ভৰিব লাগিব অত্যাধিক জৰিমনা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ৰাইজক মাধমাৰ! বৃদ্ধি পালে বিদ্যুৎ মাছুল

ৰাইজক মাধমাৰ! বৃদ্ধি পালে বিদ্যুৎ মাছুল

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু এজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8