ভাৰতীয় নিৰ্বাচন আয়োগে সোমবাৰে উদযাপন কৰে ১১ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ।
এই বৰ্ষৰ থীম- ‘ভোটাৰক সৱলীকৰণ,সজাগ,সুৰক্ষিত আৰু শিক্ষিত কৰা ‘।
প্ৰতিবছৰে ২৫ জানুৱাৰীত দেশত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ।
ভোটাধিকাৰ লাভ কৰা ব্যক্তিক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু ভোটদানৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস ।
১১ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন ভাৰতীয় নিৰ্বাচন আয়োগৰ
ৰাষ্ট্ৰপতি ভৱনৰ পৰা ভাৰ্চুৱেলী অনুস্থানত উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী ।
এই অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰপতি গৰাকীয়ে ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰিব ।
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেব ৰেডিঅ’ “হেল্ল’ ভোটাৰচ” উদ্বোধন কৰিব অনুষ্ঠানত ।
সন্মানীয় অতিথিৰূপে অনুষ্ঠানত উপস্থিত থাকিব আইন আৰু ন্যায় দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ ।