মোদীৰ ‘মন কী বাত’ত প্ৰশংসিত মধ্যপ্ৰদেশৰ এগৰাকী যুৱতী ৷
মধ্যপ্ৰদেশৰ বান্দেলখান্দৰ নিবাসী এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে কৰিছে অসাধ্য সাধন ৷
১০০ গৰাকী মহিলাক নেতৃত্ব দি ববিতা ৰাজপুট নামৰ যুৱতীগৰাকীয়ে ১০৭ মিটাৰ উচ্চ পাহাৰ কাটি নিৰ্মাণ কৰিলে নলা ৷
খোৱাপানীৰ সমস্যা সমাধানৰ বাবেই অতি কষ্টসাধ্য কামো সম্ভৱ কৰি তুলিলে গাওঁবাসীয়ে ৷
পাহাৰ কাটি পুখুৰীৰ সৈতে সংলগ্ন এটা নলা খান্দি উলিয়ালে ছাট্ৰাপুৰৰ ভেলদা গাঁৱৰ শতাধিক মহিলাই ৷
‘মন কী বাত’ত মোদীয়ে পানী সংৰক্ষণৰ প্ৰসংগ উত্থাপন কৰি এইগৰাকী সাহসী যুৱতী ববিতা ৰাজপুটক প্ৰশংসাৰে উপচাই পেলালে ৷
লগতে গাঁওবাসী মহিলাসকলকো প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
মোদীয়ে কয়, “১৯ বছৰীয়া ববিতা ৰাজপুটে পানীসংৰক্ষণৰ বাবে পাহাৰ কটাৰ দৰে যি কাৰ্য সম্পাদন কৰিলে সেইয়া ১০০০ গৰাকী মহিলাৰ বাবে প্ৰেৰণাৰ উৎস ৷ ”
ববিতা ৰাজপুটে গাঁৱৰ মহিলাসকলক উৎসাহিত কৰি বন বিভাগৰ সহযোগত ১০৭ মিটাৰৰ পাহাৰ কাটি পুখুৰীৰ সৈতে সংলগ্ন কৰি নলা খান্দি উলিয়ালে ৷
প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰচেষ্টাক শলাগ লয় ৷
photo: google