নিউজ ডেস্কঃ ‘বন্দে ভাৰত অভিযান’ৰ অধীনত ডুবাইৰ পৰা ভাৰত অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান এখন শুকুৰবাৰে সন্ধিয়া কঝিকড়ে বিমানবন্দৰত ৰাণৱে’ত পিছলি দুঘৰ্টনাগ্ৰস্ত হয়৷
তীব্ৰ বৰষুণৰ বাবে বিমানখন ৰাণৱে’ত পিছলি মাজেৰে দুটুকুৰা হৈ পৰে৷ এই দুৰ্ঘটনাত পাইলট, সহ-পাইলটকে ধৰি অতি কমেও ২০ জন লোকৰ মৃত্যু ঘটিছে৷
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহত লোকসকলৰ প্ৰতি শোক ব্যক্ত কৰি কেৰালাৰ মুখ্যমন্ত্ৰীক আহতসকলৰ প্ৰতি আৱশ্যকীয় সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনায়৷
Pained by the plane accident in Kozhikode. My thoughts are with those who lost their loved ones. May the injured recover at the earliest. Spoke to Kerala CM @vijayanpinarayi Ji regarding the situation. Authorities are at the spot, providing all assistance to the affected.
— Narendra Modi (@narendramodi) August 7, 2020
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট