নিউজ ডেস্কঃ বৃহৎ লোকচানৰ দিশে গতি কৰিছে দেশৰ বিমান পৰিবহণ খণ্ড।
জানিব পৰা অনুসৰি ২০২১-২২ বৰ্ষৰ ভিতৰত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব পাৰে ভাৰতৰ বিমান পৰিবহণ সেৱাই।
এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে বিমান পৰিবহণ খণ্ডৰ পৰামৰ্শদাতা সংস্থা কাপা ইণ্ডিয়াই।
উল্লেখ্য, এই তথ্য অনুসৰি অন্য দেশৰ বিমান প্ৰতিষ্ঠানসমূহৰ তুলনাত ভাৰতৰ ইণ্ডিগ’ বিমান প্ৰতিষ্ঠানটোৱে ক’ৰোনা সংকটৰ পৰা মুক্ত হ’বলৈ সক্ষম হ’ব।
কাপাই জনোৱা অনুসৰি, ক’ৰোনাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সেৱাত ব্যৱহৃত প্ৰায়সংখ্যক বিমান সেৱা বন্ধ কৰি ৰাখিবলগীয়া হৈছে।
যাৰ ফলত দেশৰ বিমান খণ্ডই বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷