মোডী চৰকাৰে আইনত পৰিণত কৰা কৃষি আইনক বিৰোধিতা কৰি কৃষক সংগঠনে উলিয়ালে ‘দিল্লী চলো’ অভিযান ৷ য’ত জড়িত হ’ল ৩ লক্ষাধিক কৃষক ৷ উত্তৰ প্ৰদেশ , পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড , ৰাজস্থান প্ৰভৃতি বিভিন্ন ৰাজ্যৰ পৰা হিল-দল ভাঙি অহা প্ৰতিবাদী কৃষকক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ যিকোনো প্ৰকাৰে প্ৰতিবাদী কৃষকক দিল্লী প্ৰৱেশত বাধা দিবলৈ সষ্টম হৈ আছে প্ৰশাসন ৷ কৃষকৰ আন্দোলন উগ্ৰ হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদী কৃষকলৈ নিক্ষেপ কৰে কন্দুৱা গেছ ৷ তথাপিও কৃষকৰ আন্দোলন তুংগত উঠে ৷ হাজাৰ হাজাৰ কৃষকে এজনৰ পিছত এজনকৈ আন্দোলনত যোগদান কৰা ফলত ই এক বৃহৎ আন্দোলনলৈ পৰিণত হৈ পৰিছে ৷ ইতিমধ্য আন্দোলন হিংসাত্মক হৈ পৰিছে ৷ আন্দোলনকাৰী আৰু নিৰাপত্তাবাহিনীৰ মাজতো সৃষ্টি হৈছে সংঘাত ৷
উল্লেখ্য, এতিয়া লৈ ১০০ গৰাকী কৃষকক গ্ৰেপ্তাৰ কৰা মোডী চৰকাৰে হাৰিয়ানাত ১৪৪ ধাৰা বলৱৎ কৰিছে আৰু এই কাৰ্যই সমগ্ৰ দেশকে জোকাৰিছে ৷