গুজৰাটত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৩৬ সংখ্যক নেছনেল গেমছ। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভত প্ৰথমবাৰৰ বাবে অলপতে অনুষ্ঠিত হোৱা বৈঠকত গুজৰাট চৰকাৰৰ যুৱ, ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অশ্বিনী কুমাৰে দিয়া ভাষ্য অনুসৰি, ৭৪১৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এইবাৰৰ নেছনেল গেমছত। তদুপৰি এই মহোৎসৱৰ সৈতে প্ৰায় ১৪,৫০০ গৰাকী ব্যক্তি জড়িত হৈ আছে।
আনহাতে, শেহতীয়া ‘মন কী বাত’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ক্ৰীড়া মহোৎসৱক লৈ উৎসাহ প্ৰকাশ কৰি কয় যে, ক’ভিডৰ পাছত প্ৰথমবাৰলৈ দেশত অনুষ্ঠিত হ’বলৈ গৈ আছে নেছনেল গেমছ। সেই বাবেই এইবাৰৰ নেছনেল গেমছ বিশেষ সমগ্ৰ দেশৰ বাবে আৰু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত থাকিব বুলিও জনায়।