নিউজ ডেস্কঃ ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ পৰা ৰাজস্থান আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশু আৰু মহিলাসহ ৩৮ গৰাকী লোকক ৷
ওনৰেৰ থানাৰ অন্তৰ্গত বামন দেৱৰিয়ান গাঁৱৰ পৰা উদ্ধাৰ কৰিছে অপহৃতককেইজনক ৷
মধ্য প্ৰদেশৰ পৰা অহা প্ৰায় ১০০ জন লোকে অপহৰণ কৰিছিল এই লোকসকলক ৷
ঝালাৱাৰৰ আৰক্ষী অধীক্ষক কিৰণ কং সিন্ধুয়ে সাংবাদিকৰ আগত কয় যে তৰোৱাল আৰু অন্যান্য অস্ত্ৰসহ প্ৰায় ১০০ জন লোক গাঁওখনত প্ৰৱেশ কৰি শিশু আৰু মহিলাসহ ৩৮ গৰাকীক অপহৰণ কৰি লৈ যায় ৷
অপহৰণকাৰী কেইজন বাছ আৰু অন্য বাহনযোগে মধ্যপ্ৰদেশৰ ৰাটলাম জিলাৰ পৰা আহিছিল ৷
তেওঁলোকে লগত লৈ আনিছিল চোকা অস্ত্ৰ ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে লোককেইজনক ৷
ইতিমধ্যে ৬ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
অপহৰণকাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে অস্ত্ৰ-শস্ত্ৰ ৷
আই পি চি-ৰ ধাৰা অনুসৰি এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷
উল্লেখ্য,পলাতক অৱস্থাত থকা বাকীকেইজন অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৰাজস্থান আৰক্ষীয়ে ৷