নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মেইনপুৰি এলেকাৰ এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা ৷ বৃদ্ধাগৰাকীৰ নাম বিট্টান দেৱী ৷ হঠাতে বৃদ্ধা মহিলা গৰাকীয়ে তেওঁৰ স্বামীৰ সম্পতি বুলিবলৈ থকা ১২ বিঘা মাটি মোডীৰ নামত ৰেজিষ্টাৰ কৰিবলৈ তৎপৰতা লগাইছে ৷ বৃদ্ধাগৰাকীৰ তৎপৰতা দেখি আচৰিত হৈ পৰিছে মেইনপুৰিৰ অধিবক্তা কৃষ্ণ প্ৰতাপ সিং ৷ অধিবক্তা কৃষ্ণ প্ৰতাপ সিঙে বৃদ্ধাগৰাকীৰ বুজাবলৈ বহু চেষ্ঠা কৰিও বিফল হৈছে ৷ বৃদ্ধাগৰাকীৰ নিজৰ মতত অচল অটল ৷ তেওঁৰ ১২ বিঘা মাটী মোডীৰ নামত কৰাৰ যি তৎপৰতা সেয়া অতিশীঘ্ৰে আইনগতভাৱে কাৰ্যকৰী হৈ উঠিব লাগে ৷
উল্লেখ্য যে বৃদ্ধাগৰাকীৰ দুজনকৈ পুত্ৰ সন্তান আৰু এগৰাকী বোৱাৰী আছে ৷ বৃদ্ধা হৈ অহাৰ লগে লগে এতিয়া তেওঁ পুত্ৰ আৰু বোৱাৰীৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ পৰিছে যদিও তেওঁক পুত্ৰ-বোৱাৰীয়ে চোৱা-চিতা নকৰে | মোডীয়ে তেওঁক ২000 টকাকৈ বৃদ্ধ পেঞ্চন দিয়ে যাৰ জৰিয়তে তেওঁ কোনো মতে জীৱন-যাপন কৰি আছে ৷ সেয়েহে তেওঁ মোডীক তেওঁৰ ১২ বিঘা মাটি দিবলৈ ওলাইছে ৷
সম্প্ৰতি বৃদ্ধাগৰাকীৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
एक दादी ये भी हैं…why should she not trend on twitter #BittanDevi #BittanDadi https://t.co/MMeWY12rWR
— Manak Gupta (@manakgupta) December 3, 2020