প্ৰথমে যুৱতীৰ কেব বুক আৰু তাৰ পিছত কেব ড্ৰাইভাৰক আক্ৰমণ ৷
মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত এই লোমহৰ্ষক আক্ৰমণৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
তিনি বন্ধুৰ সহায়ত এগৰাকী যুৱতীয়ে সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনা ৷
ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি আক্ৰমণৰকাৰীক ৷
ভুক্তভূগী কেব ড্ৰাইভাৰ ৰচিদ খানে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি চুৰী আৰু জোঙা অস্ত্ৰৰে আক্ৰমণ কৰিছিল যুৱকজনক ৷
যুৱকজনৰ ভাষ্য অনুসৰি, দেওবাৰে সন্ধিয়া অযোধ্যা বাইপাছৰ সমীপৰ পৰা তেওঁলোকক পিক-আপ কৰিছিল ৷
পিছত অন্য স্থানলৈ তেওঁলোকক লৈ যাবলৈ কোৱাত পুনৰ কেব বুক কৰিবলৈ কয় ড্ৰাইভাৰজনে ৷
কিন্তু আটাইকেইজন অভিযুক্তই আগত থৈ আহিবলৈ কোৱাত ড্ৰাইভাৰজনে লৈ যায় ৷
কিন্তু আধাবাটতে এজন যুৱকে গাড়ী ৰখাই বাহিৰলৈ ওলাই যায় আৰু সেই সময়তে পিছৰ চিটত থকা যুৱতীগৰাকী আৰু যুৱক কেইজনে ৰচিদ খানক আক্ৰমণ কৰে ৷
আক্ৰমণৰ সময়ত গাড়ীৰ হৰ্ণ বজাই ৰক্ষা পৰে কেব ড্ৰাইভাৰ ৷
গাড়ীৰ হৰ্ণ শুনি ওচৰৰ মানুহ গাড়ীৰ কাষলৈ চাপি আহিলত আটাইকেইজনে পলায়ন কৰাৰ চেষ্টা কৰে যদিও তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু এজন যুৱক বৰ্তমানেও পলাতক অৱস্থাত আছে ৷
আৰক্ষী তথা স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ কেব ড্ৰাইভাৰজনক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
ঘটনা সন্দৰ্ভত কমলা নগৰ থানাৰ টিআই বিজয় সিসোদিয়াই কয়, ‘যুৱতীগৰাকীয়ে তিনি বন্ধুক ড্ৰাইভাৰজনৰ ডিঙি ৰেপিবলৈ কৈছিল ৷
আৰক্ষীৰ সোধ-পোছত এই কথা পোহৰলৈ আহিছে যে ড্ৰাইভাৰ আৰু যাত্ৰী মাজত কোনো কথাত মনোমালিন্য হৈছিল ৷
কিন্তু আটাইকেইজনে কিয় অস্ত্ৰ-শস্ত্ৰ লগত লৈ ফুৰিছিল এই কথা জানিবলৈ সোধ-পোছ অব্যাহত ৰাখিছে ৷
ইতিমধ্যে কেব ড্ৰাইভাৰৰ ভাষ্যৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে ৩০৭,২৯৪,৩২৩,৩২৪,৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে ৷