‘আত্মনিৰ্ভৰতা’ শব্দটো ২০২০ বৰ্ষৰ হিন্দী শব্দ হিচাপে নিৰ্বাচিত কৰিছে অক্সফ’ৰ্ড ভাষাই ।
ক’ৰোণা মহামাৰীৰ ভয়ংকৰ পৰিস্থিতিৰ সৈতে যুঁজ দি অসংখ্য ভাৰতীয়ই আত্মনিৰ্ভৰশীলতাৰ যি নিদৰ্শন দাঙি ধৰিলে তাৰ প্ৰতি সন্মান জনাই ‘আত্মনিৰ্ভৰতা’ শব্দটো বৰ্ষটোৰ অক্সফ’ৰ্ড হিন্দী শব্দৰূপে নিৰ্বাচিত কৰিছে ।
শব্দটো নিৰ্বাচন কৰি উলিয়াইছে উপদেষ্টা পেনেলৰ ভাষা বিশেষজ্ঞ কৃতিকা আগৰৱাল, পুনম নিগম আৰু ইমোজেন ফক্সেলে ।
উল্লেখ্য, অক্সফ’ৰ্ড ভাষাই চিনাক্ত কৰা পূৰ্বৰ শব্দ কেইটা হৈছে আধাৰ(২০১৭), নাৰী শক্তি(২০১৮), আৰু সংবিধান(২০১৯) ।