নিউজ ডেস্কঃ কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আজিও দেশ কঁপি আছে ৷ কৃষি আইন প্ৰতিবাদী ৪০টা কৃষক সংগঠনৰ সৈতে হোৱা কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলৰ ৭ ঘন্টীয়া বৈঠকৰো ফলপ্ৰসু নহ’ল ৷ পৰিৱৰ্তী বৈঠক অহা ৫ ডিচেম্বৰ, শনিবাৰে দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমৰে জানিবলৈ দিয়ে৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৃষি আন্দোলন অতি শীঘ্ৰে সমাপ্ত কৰিবলৈ আহ্বান জনাইছে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কৃষি আন্দোলনৰ ফলত পঞ্জাৱৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছে ৷ আনহাতে , কৃষকৰ আন্দোলনে অতি জটিল ৰূপ লোৱাত সংকটত পৰিছে হাৰিয়ানাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ ৷
কৃষক আন্দোলনক সমৰ্থন জনাই কেইবাজনো নেতা, ক্ৰীড়াবিদে ঘূৰাই দিব ৰাষ্ট্ৰীয় সন্মান ৷ দেশৰ সৰ্বোচ্চ সন্মান ‘পদ্ম বিভূষণ” বঁটা ঘূৰাই দিলে প্ৰকাশ সিং বাদলে ৷ আনহাতে ‘পদ্মভূষণ” ঘূৰাই দিলে সুখদেৱ সিং ধিনছাই ৷ ইয়াৰ উপৰি পঞ্জাৱৰ কেইবাজনো ক্ৰীড়াবিদে ঘূৰাই দিব সন্মান ৷ অহা ৫ ডিচেম্বৰত ৰাষ্ট্রপতি ভৱনত ক্ৰীড়া বঁটা থৈ আহিব বুলি জানিবলৈ দিয়ে ক্ৰীড়াবিদকেইগৰাকীয়ে ৷