নিউজ ডেস্কঃ আজি বিশিষ্ট কংগ্ৰেছ নেতা আহমেদ পেটেল গুৰগাঁৱৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতেই তেখেতৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল বৰ্ষীয়ান কংগ্ৰেছ নেতাজন৷ ক’ভিড সংক্ৰমণৰ পাছত বিকল হৈছিল কেইবাটাও অংগ৷ তেওঁৰ পুত্ৰ ফৈজল পেটেলে টুইটযোগে এই কথা জানিবলৈ দিয়ে। ফৈজল পেটেলে উল্লেখ্য কৰা মতে, স্বাস্থ্যৰ গুৰুত্বৰ অৱনতি ঘটাত তেওঁক গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ আজি ৰাতিপুৱা ৩.৩০ বজাত নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পেটেল গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল৷ দীৰ্ঘদিন ধৰি ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিবো আছিল আহমেদ পেটেল৷ ৩ বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ ৷ আনহাতে ৫ বাৰ ৰাজ্যসভাৰ সাংসদো হৈছিল আহমেদ পেটেল৷ আহমেদ পেটেলৰ মৃত্যু অকল কংগ্ৰেছৰে ক্ষতি নহয় সমগ্ৰ দেশবাসীৰে ক্ষতি ৷ দেশৰ বাবে জনসাধাৰণৰ বাবে কৰ্ম আৰু সৃষ্টিশীলতাৰ মাজেদি দলৰ উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰা সকলো নেতা সমাজৰ হিতাকাংক্ষী আছি তেওঁ ৷ তেখেতৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷