নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে দিল্লী-শ্বিলঙৰ মাজত আৰম্ভ হ’ল বিমান সেৱা ৷ আজি শ্বিলঙৰ উমৰই বিমান বন্দৰৰ পৰা দিল্লীলৈ এই বিমান সেৱাৰ প্ৰথমটো যাত্ৰা শুভাৰম্ভ কৰে মেঘালয়ৰ পৰিবহণ মন্ত্রী শ্নিয়াভালাং ধৰে। আজি উমৰই বিমান বন্দৰৰ শুভাৰম্ভৰ অনুষ্ঠানত পৰিবহন মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো ৰাজ্যৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব। লগতে অনুষ্ঠানটিত উপস্থিত থাকে বিধায়ক জি বি লিংপে আৰু ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক এম ৰমেশে ৷
উল্লেখ্য যে এই কেন্দ্ৰৰ আন্তঃগাঁঠনি নিৰ্মানৰ বাবদ ২.৭০ কোটি টকা ব্যয় হোৱা বুলি জনায় উপ-মুখ্যমন্ত্ৰী টিনচঙে ৷