দেশজুৰি ক’ৰনা ভেকচিনক লৈ চৰ্চা অব্যাহত।
ভেকচিনেচনৰ বাবে কেন্দ্ৰ চৰকাৰে আজি অৰ্থাৎ ২ জানুৱাৰীৰ পৰা সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যতে ক’ৰনা ভেকচিনৰ ড্ৰাই ৰান(Dry Run)সিদ্ধান্ত গ্ৰহণ কৰিছে।
কিন্তু ইয়াৰ মাজতে সমাজবাদী পাৰ্টীৰ প্ৰধান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
তেওঁ ক’লে যে তেওঁ কৰ’ণাৰ ভেকচিন নলয়।
অখিলেশে ক’লে, ‘মোৰ বিজেপিৰ ভেকচিনৰ ওপৰত বিশ্বাস নাই।’
আনহাতে তেওঁৰ এই মন্তব্যক লৈ বিজেপি নেতাসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ আক্ৰমণাত্মক মন্তব্য
সমাজবাদী পাৰ্টী প্ৰধানৰ মন্তব্যৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
তেওঁ ক’লে যে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘Jaan hai to Jahan hai’ৰ কথা কৈছে।
ক’ৰনা ভেকচিনৰ বাবে সমগ্ৰ পৃথিৱীৰ বৈজ্ঞানিকসকলে ৰাতি-দিন একাকাৰ কৰিছে, যাতে কম সংখ্যক লোকে প্ৰাণ হেৰুৱাই।
অখিলেশ যাদৱে নিজৰ ডুবি যোৱা ৰাজনীতিৰ প্ৰাণ ৰক্ষা কৰিবলৈ এই দুৰ্ভাগ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে।
অখিলেশৰ মন্তব্যত কেশৱ মোৰ্য়াৰ ওলোটা আক্ৰমণ
অখিলেশ যাদৱৰ কৰ’ণা ভেকচিন নোলোৱা মন্তব্যক লৈ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ মোৰ্য়াই ওলোটা আক্ৰমণ কৰে।
অখিলেশ যাদৱৰ ভেকচিনৰ ওপৰত বিশ্বাস নাই আৰু উত্তৰ প্ৰদেশবাসীৰ বিশ্বাস নাই অখিলেশৰ ওপৰত।
ভেকচিনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটো বৈজ্ঞানিকক অপমান কৰা সূচাই, তেওঁ ইয়াৰ বাবে ক্ষমা খুজিব লাগে।
https://twitter.com/kpmaurya1/status/1345316152608579585?s=20
Photo: Google