নিউজ ডেস্কঃ পুণৰ প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হোৱা আলোচনা ব্যৰ্থ হ’ল ৷ প্ৰতিবাদী কৃষকে দিয়া ভাৰত বন্ধৰ পাছতে মঙলবাৰে সন্ধিয়া গৃহমন্ত্ৰীগৰাকীয়ে আলোচনাত বহিছিল কৃষকৰ সৈতে ৷ কৃষি গৱেষণা পৰিষদৰ আন্তৰ্জাতিক অতিথিশালত ৰাতি ৯ বজাৰ পৰা অনুষ্ঠিত হয়৷ আজি দ্বাদশ দিনত ভৰি দিলে প্ৰতিবাদী কৃষকৰ তিনি কৃষি আইনৰ বিৰুদ্ধে গঢ় লৈ উঠা আন্দোলনে ৷ যিকোনো প্ৰকাৰে অন্ত পেলোৱাৰ মানসিকতাৰে বৈঠকত বহা অমিত শ্বাহৰ আশাত চেচাঁ পানী ঢালিলে প্ৰতিবাদী কৃষকে ৷
ক্ৰমাৎ দৃঢ় হৈ পৰিছে কৃষক সংগঠনৰ কৃষি আইন বাতিলৰ দাবী ৷ চৰকাৰে দিয়া নীতি তথা আইন মানি ল’বলৈ কোনো কাৰণত প্ৰস্তুত নোহোৱা কৃষকসকলকলৈ আজি পুনৰ বৈঠকৰ আয়োজন কৰিছিল ৷ প্ৰতিবাদী কৃষকে এই বৈঠকত অংশ নলয় বুলি ঘোষণা কৰে ৷ সেয়েহে আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হোৱাৰ লগতে ৰাষ্ট্রপতিক সাক্ষাৎ কৰিব একাংশ বিৰোধী নেতাই ৷