নীতি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তক জি-২০ৰ বাবে ভাৰতৰ নতুন শ্বেৰ্পা হিচাপে দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া জি-২০ ৰ সন্মিলনত ভাৰতে সভাপতিত্ব কৰিব। চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ বৰ্ষৰ ৩০ নৱেম্বৰলৈ ভাৰতে জি-২০ ত সভাপতি পদ গ্ৰহণ কৰিব। এই সময়ৰ বাবে পূৰ্ণ-সময়ৰ শ্বেৰ্পাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কান্তাক নিযুক্তি দিয়া হৈছে। আনহাতে বিদায়ী শ্বেৰ্না গোৱেলৰ উপৰিও জি-২০ৰ বাবে পূৰ্বৰ শ্বেৰ্পাসকলৰ ভিতৰত আছে সুৰেশ প্ৰভু, শক্তিকান্ত দাস আৰু মণ্টেক সিং আহলুৱালিয়া।
উল্লেখ্য যে অমিতাভ কান্তে ২০১৬ চনত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ২০২১ বৰ্ষতে তেওঁৰ কাৰ্যকাল অন্ত পৰিছিল যদিও জুন মাহত এবছৰৰ বাবে পুনৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল। ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা ১১ টা গোটৰ ভিতৰত অন্যতম এমপাৱাৰড গ্ৰুপ ৩-ৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল কান্তে।