২৬ নৱেম্বৰ , বৃহস্পতিবাৰে জন্মু-কাশ্মীৰৰ পুঞ্চ জিলাত যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই |যাৰ ফলত জিচিঅ’ স্বতন্ত্ৰ সিং নামৰ ভাৰতীয় সেনা গৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় যদিও চিকিৎসালৈ লৈ যোৱা অৱস্থাত মৃত্যুমখত পৰে ৷ শ্বহীদ জিচিঅ’ স্বতন্ত্ৰ সিঙৰ ঘৰ উত্তৰাখণ্ডত ৷পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন কৰাতো এয়াই প্ৰথম নহয়, প্ৰতিটো যুদ্ধ ক্ষেত্ৰতে পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন কৰাটো এক ধৰ্মত পৰিণত হৈ পৰিছে |
জিচিঅ’ স্বতন্ত্ৰ সিং এগৰাকী সাহসী ভাৰতীয় সেনা আছিল। দেশৰ বাবে তেওঁৰ সৰ্বোচ্চ ত্যাগ আৰু কৰ্তব্যৰ প্ৰতি থকা দায়িত্ববোধৰ যি নিদৰ্শন দেখুৱাই থৈ গ’ল সচাঁকৈ প্ৰসংশনীয়।