নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী সংযোগী অঞ্চলসমূহত এমাহৰো অধিক দিন দেশৰ কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে।এই কৃষক আন্দোলনক সমৰ্থন আগবঢ়াইছে দেশৰ বিশিষ্ট গান্ধীবাদী সামাজিক কৰ্মী আন্না হাজাৰে। ২৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ নিজ গাঁও ৰালেগান সিদ্ধিৰ পৰা ঘোষণা কৰি বিশিষ্ট গান্ধীবাদী সমাজকৰ্মীজনে কয় যে অহা মাহৰ পৰা দিল্লীত কৃষক আন্দোলনৰ সমৰ্থনত তেওঁ আন্দোলন আৰম্ভ কৰিব।
উল্লেখ্য ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ প্ৰেৰণ কৰা পত্ৰত আন্না হাজাৰেই লিখিছিল যে এম এছ স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰ চৰকাৰে ৰূপায়ণ নকৰিলে তেওঁ অনশন আৰম্ভ কৰিব। আন্না হাজাৰৰ মতে স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰই ৰূপায়ণ কৰিলেহে দেশত কৃষকৰ আত্মহত্যা বন্ধ হ’ব। আন্নাই পাচলি, ফল-মূলৰ লগতে গাখীৰো ন্যূনতম সমৰ্থন নিৰ্ধাৰণ কৰাৰ দাবী জনাইছে। অৱশ্যে আগন্তুক মাহৰ কোন তাৰিখৰ পৰা দেশৰ বিশিষ্ট গান্ধীবাদী সমাজকৰ্মী গৰাকীয়ে আন্দোলন আৰম্ভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই।