সেনাবাহিনীৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই দেশজুৰি পুনৰ সৃষ্টি কৰিছে আলোড়ন ৷
শেহতীয়াভাৱে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক শুনানি যোগে জনাইছিল যে শীঘ্ৰে এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷
কিন্তু তাৰ কিছুদিন পিছতেই পুনৰ চৰ্চালৈ আহিল ভাৰতীয় সেনাৰ নিয়োগ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৷
যাৰ বাবে সমগ্ৰ দেশত স্থগিত ৰাখিবলগীয়া হ’ল পৰীক্ষা ৷
দেশজুৰি বাতিল ভাৰতীয় সেনাৰ জেনেৰেল ডিউটিৰ জোৱান নিযুক্তিৰ পৰীক্ষা ৷
ইতিমধ্য়েই ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে তিনি অভিযুক্ত ৷
সেনাবাহিনী আৰু পুনে আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে দুগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু এগৰাকী ৰান্ধনী ৷
ঘটনা সন্দৰ্ভত তীব্ৰগতিত অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু সেনাবাহিনীয়ে ৷
photo: google