নিউজ ডেস্কঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ৪ নৱেম্বৰ ২০২০ তাৰিখে বুধবাৰে ৰাতিপুৱা আলিবাগ আৰক্ষীয়ে তেওঁৰ মুম্বাইৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে৷ অন্বয় নায়ক নামৰ এজন ৫৩ বৰ্ষীয় ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃ কুমুদ নায়কে ২০১৮ চনত আত্মহত্যা কৰা ঘটনা এটা সন্দৰ্ভত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে৷
আনহাতে মুম্বাইত টিআৰপি কেলেংকাৰিতো অভিযুক্ত হৈ আছে অৰ্ণৱ গোস্বামী৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধীকো এক টেলিভিছন অনুষ্ঠানত পালঘৰ ঘটনাৰ বাবে দোষাৰোপ কৰি কংগ্ৰেছৰ ৰোষত পৰিছে অৰ্ণৱ গোস্বামী৷
উল্লেখ্য, গোস্বামীৰ এই গ্ৰেপ্তাৰৰ বিষয়ে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তেওঁৰ টুইটাৰত উল্লেখ কৰিছে৷
.@republic Editor-in-Chief Arnab Goswami physically assaulted & arrested by Mumbai police is nothing but muzzling freedom of press by the vindictive M’rashtra govt. Strongly condemn this shameless politically motivated Mumbai police action. It’s like Emergency days in Maharashtra
— Himanta Biswa Sarma (@himantabiswa) November 4, 2020