নিউজ ডেস্কঃ অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এইবাৰ অন্য গোচৰ ৰুজু কৰা হৈছে৷
অৰ্ণৱ গোস্বামী, আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৫৩, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷
কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়াক আক্ৰমণ কৰা আৰু কৰ্তব্যৰত আৰক্ষী বিষয়াৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে।
আৰক্ষীয়ে বুধবাৰে সন্ধিয়া অৰ্ণৱ গোস্বামী, পত্নী, আৰু পৰিয়ালৰ আন এজন সদস্যৰ লগতে অন্য দুজন ব্যক্তিৰ বিৰুদ্ধে কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত এই গোচৰ ৰুজু কৰিছে।
বুধবাৰে পুৱা আত্মহত্যাৰ প্ৰৰোচনাৰ এটা গোচৰত অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষীৰ দলটোৰ কৰ্তব্যত বাধা দিয়াৰ লগতে কৰ্তব্যৰত মহিলা আৰক্ষীৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।