অযোধ্যাত নিৰ্মাণৰত ৰাম মন্দিৰৰ বাবে নিধি সমৰ্পণ অভিযানৰ আৰম্ভণি আজিৰে পৰা হৈছে।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সৰ্বপ্ৰথমে ৫ লাখ ১ টকাৰ সমৰ্পণ নিধি প্ৰদান কৰিলে।
ইয়াৰ পিছত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ১ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিলে।
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেৱ গিৰী মহাৰাজ আৰু বিশ্ব হিন্দু পৰিষদৰ সভাপতি আলোক কুমাৰসহ BSPৰ জ্যেষ্ঠ নেতাসকলে পুৱা ১১ বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে।
ৰাম মন্দিৰ নিৰ্মাণ নিধি অভিযানৰ আৰম্ভণিৰ বাবে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস আৰু
বিশ্ব হিন্দু পৰিষদসহ কেইবাটাও আনুষাংগিক সংগঠনৰ বিষয়াই শুকুৰবাৰে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।
ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ গিৰী জী, ভৱন নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰা,
BSPৰ কাৰ্যকৰী অধ্যক্ষ আলোক কুমাৰ, RSSৰ দিল্লী প্ৰান্ত অধ্যক্ষ কুলভূষণ আহুজাই ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰে।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আহমেদাবাদৰ হীৰা ব্যৱসায়ী গোবিন্দভাই ঢোঢাকিয়াই ১১ কোটি টকা দান কৰে।
Photo: Google