ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ উত্তেজনা তীব্ৰতৰ হোৱাৰ বাবে ইউক্ৰেইনে দেশখনৰ ভিতৰত অসামৰিক বিমান চলাচল নিষিদ্ধ ঘোষণা কৰিছে। ফল স্বৰূপে দেশখনত আবদ্ধ হৈ থকা বিভিন্ন দেশৰ নাগৰিকসকলৰ মাজত ব্যাপক ত্ৰাসৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ মাজতে ভাল খবৰ এইয়াই যে, দেশখনত আবদ্ধ হৈ থকা বহু ভাৰতীয় শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰত।
ভাৰতে ইউক্ৰেইত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকক কঢ়িয়াই আনিবলৈ প্ৰেৰণ কৰা এ আই ১৯৪৭ বিমানখনে দেশৰ বহু নাগৰিকক লৈ উৰা মৰাৰ ঠিক কিছু সময়ৰ পিছতেই ইউক্ৰেইনত সকলোধৰণৰ অসামৰিক বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা জাৰি হোৱাৰ পূৰ্বেই ভাৰতে ইয়াৰ নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ দ্বিতীয় বিশেষ বিমানখন ইউক্ৰেইনত উপস্থিত হয় আৰু ভাৰতীয় নাগৰিকসকলৰ দ্বিতীয় দলটো লৈ নতুন দিল্লীলৈ উৰা মাৰে। এই বিশেষ বিমানখন পুৱা ৯-৫০ বজাত নতুন দিল্লীত উপস্থিত হৈছেহি।