বেংক কৰ্মচাৰীয়ে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা হৰতাল কাৰ্যসূচীৰ আজি দ্বিতীয়টো দিন ৷
দুটা দিনে বন্ধ ৰখা হৈছে বেংকৰ সকলো কাম-কাজ ৷
যদি চৰকাৰে তেওলোকৰ দাবী মানি নলয় তেতিয়া কৃষক বিদ্ৰোহৰ দৰে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে আন্দোলনকাৰীয়ে ৷
ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে আহ্বান জনাইছে এই হৰতাল কাৰ্যসূচীৰ ৷
১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত বেংক ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰা পিছতেই ইউনিয়নে বিৰোধীতা কৰিছিল এই সিদ্ধান্তৰ ৷
ইয়াৰ পূৰ্বেই চৰকাৰে আইডিবিআই বেংকৰ ব্যক্তিগতকৰণ কৰিছিল ৷
অল ইণ্ডিয়া বেংক অফিচাৰ এছ’চিয়েচনৰ মুখ্যসচিব সৌম্য দত্তই উল্লেখ কৰিছে যে চৰকাৰৰ এই নীতিৰ জৰিয়তে দেশৰ অৰ্থ ব্যৱস্থাত বৃহৎ লোকচানৰ সন্মুখীন হ’ব ৷
বেংক কৰ্মচাৰীৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেইগৰাকীমান শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বাবে সকলোৱেই অংশ লৈছে বুলি উল্লেখ কৰে মুখ্য সচিবগৰাকীয়ে ৷
photo: google