নিউজ ডেস্কঃ ইংৰাজী নতুন বছৰৰ জানুৱাৰী মাহত মুঠ ১৬ দিন বন্ধ থাকিব বেংক। ইয়াৰ ভিতৰত থাকিব দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, চাৰিটা দেওবাৰ আৰু এটা ৰাষ্ট্ৰীয় বন্ধ। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰা তালিকা অনুসৰি সকলো ৰাজ্যৰ বন্ধৰ পৃথক পৃথক তালিকা লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে। দৰাচলতে এখন ৰাজ্যত ১৬ দিন বন্ধ নাথাকে ৷ সকলো ৰাজ্যত বন্ধৰ দিন পৃথক পৃথক হ’ব। সকলো ৰাজ্যৰ বন্ধৰ দিন মিলাই মুঠ ১৬ দিন।
নতুন বছৰৰ প্ৰথম দিনটোত আইজল, চেন্নাই, গেংটক, ইম্ফল আৰু শ্বিলঙৰ সকলো বেংক বন্ধ থাকিব। ইয়াৰ উপৰি ১ জানুৱাৰী ২০২১ত দেশৰ আন ৰাজ্যৰ বেংকসমূহ খোলা থাকিব। আইজলত ২ জানুৱাৰীতো বন্ধ থাকিব বেংক।
জানুৱাৰীৰ বেংক বন্ধৰ তালিকাখন হ’ল –
১. ১ জানুৱাৰী ২০২১ – নতুন বছৰ
২. ২ জানুৱাৰী ২০২১ – নতুন বছৰ উদযাপন
৩. ৩ জানুৱাৰী ২০২১ – দেওবাৰ
৪. ৯ জানুৱাৰী ২০২১ – দ্বিতীয় শনিবাৰ
৫. ১০ জানুৱাৰী ২০২১ – দেওবাৰ
৬. ১২ জানুৱাৰী ২০২১ – স্বামী বিবেকানন্দৰ জন্মদিন
৭. ১৪ জানুৱাৰী ২০২১ – মকৰ সংক্ৰান্তি
৮. ১৫ জানুৱাৰী ২০২১ – তিৰুবল্লুবৰ দিবস
৯. ১৬ জানুৱাৰী ২০২১ – উঝাভৰ থিৰুনাল
১০. ১৭ জানুৱাৰী ২০২১ – দেওবাৰ
১১. ২০ জানুৱাৰী ২০২১ – গুৰু গোবিন্দ সিঙৰ জন্মদিন
১২. ২৩ জানুৱাৰী ২০২১ – চতুৰ্থ শনিবাৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন
১৩. ২৪ জানুৱাৰী ২০২১ – দেওবাৰ
১৪. ২৫ জানুৱাৰী ২০২১ – ইমোইনো ইৰপা
১৫. ২৬ জানুৱাৰী ২০২১ – গণৰাজ্য দিৱস
১৬. ৩১ জানুৱাৰী ২০২১ – দেওবাৰ
উল্লেখ্য, ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা হৈছে যে ২০২১ বৰ্ষত ৪০ দিনৰো অধিক বন্ধ থাকিব বেংক। এই দিনসমূহত বেংকৰ শাখা বন্ধ থাকিব। অৱশ্যে ম’বাইল আৰু ইণ্টাৰনেট বেংকিং সক্ৰিয় হৈ থাকিব।