ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই (আৰ বি আই) ডিচেম্বৰ মাহত বেংকৰ কামকাজ বন্ধ থাকিবলগীয়া দিনৰ সময়সূচীৰ কথা প্ৰকাশ কৰিছে।এই বৰ্ষৰ অন্তিমটো মাহ অৰ্থাৎ ডিচেম্বৰত মুঠ ১১দিন বেংক বন্ধ থাকিব বুলি জনাইছে আৰবিআইয়ে।আনহাতে, ৰাজ্যসমুহত বেংকৰ বন্ধসমূহ সলনি হ’ব পাৰে, কিয়নো সকলো বেংক প্ৰতিষ্ঠানে সকলো উৎসৱ পালন নকৰিবও পাৰে।ডিচেম্বৰ মাহত খ্ৰীষ্টমাছৰ বাহিৰেও আন বহু ৰাজ্যত আঞ্চলিক বন্ধৰ দিন আছে। ডিচেম্বৰত দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব।সেইদৰে, ১২ ডিচেম্বৰ দ্বিতীয় শনিবাৰ আৰু ২৬ ডিচেম্বৰ চতুৰ্থ শনিবাৰৰ বন্ধ থাকিব।