ভাৰত তথা অসমত আজিৰে পৰা আৰম্ভ হৈছে ক’ৰোনা ভাইৰাছ ভেকচিনেচনৰ প্ৰক্ৰিয়া।
প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মীসকলক দিয়া হৈছে ভেকচিন আৰু ইয়াৰ পিছতে দিয়া হ’ব সাধাৰণ নাগৰিকক।
ভাৰতত চৰকাৰীভাৱে কোনোধৰণৰ সাৱধানবাণী দিয়া হোৱা নাই যে ভেকচিন দিয়াৰ পিছত সুৰাপান কৰিব নোৱাৰে বুলি।
কিন্তু সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে ভেকচিন লোৱাৰ আগত বা পিছত সুৰাপান কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
সুৰাৰ পৰাৰ আঁতৰত থকাটো প্ৰয়োজন
ক’ৰোনা ভেকচিন লোৱাৰ আগত বা পিছত বিভিন্নধৰণৰ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।
যেনে সুৰাৰ সৈতে দূৰত্ব বজাই ৰখা।
সুৰাই ইমিউনিটী ওপৰত যথেষ্ট প্ৰভাৱ পেলাই আৰু ইনফেকচনৰ সৈতে যুঁজ দিয়াৰ ক্ষমতাও হ্ৰাস কৰে।
ক’ৰোনা ভেকচিন ইমিউনিটীৰ ভিত্তিতে কাম কৰে।
যাৰ বাবে স্বাস্থ্য কৰ্মীসকলে জনাই যে ভেকচিন লগোৱাৰ আগত বা পিছত কিছুদিনলৈ সুৰাপান কৰাৰ পৰা আঁতৰত থাকক।
কিমান দিনলৈ অৱলম্বন কৰিব লাগিব সাৱধানতা
ভেকচিন লোৱাৰ পিছত কিমান দিনলৈ সুৰাৰ পৰা আঁতৰত থাকিব লাগে।
ইয়াকে লৈ বিশেষজ্ঞসকলৰ বিভিন্ন মতামত।
বিগত মাহত স্বাস্থ্য বিশেষজ্ঞই কৈছিল যে Sputnik V Vaccine লোৱাৰ ২ সপ্তাহ পূৰ্বে আৰু ৬ সপ্তাহ পিছত সুৰাপান নকৰিব কাৰণ সুৰাই ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ ক্ষমতাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা।
ইফালে আমেৰিকাৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে জনোৱা অনুসৰি, ভেকচিন লোৱাৰ এদিন পূৰ্বে আৰু এদিন পিছত সুৰাপান কৰিব নালাগে।
আনহাতে আন কেইজনমান স্বাস্থ্য বিশেষজ্ঞই কোৱা অনুসৰি যদি আপুনি কম মাত্ৰাত সুৰাপান কৰে তেন্তে আপুনি COVID-19 লোৱাৰ পূৰ্বে আৰু পিছত ইয়াক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নায়।
যদি আপুনি সুৰাপান কৰে (মহিলাসকলৰ বাবে এদিনত এটাতকৈ অধিক আৰু পুৰুষৰ বাবে দুটাতকৈ অধিক পেগ), তেন্তে এই মাত্ৰা হ্ৰাস কৰিব লাগে।
Photo: Google