নিৰাপত্তাৰক্ষীৰ আবেষ্টনীত পশ্চিম বংগৰ এগৰাকী শ্ৰমিক ৷
প্ৰতিভা মণ্ডল নামৰ এই প্ৰব্ৰজনকাৰী শ্ৰমিকগৰাকীক কেৰালা চৰকাৰে প্ৰদান কৰিছে নিৰাপত্তাৰক্ষী ৷
থিৰুৱনন্তপুৰমত কনস্ট্ৰাকচন ৱৰ্কাৰ হিচাপে কৰ্মৰত প্ৰতিভা মণ্ডল ৷
কিন্তু বৃহস্পতিবাৰে হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ’ল প্ৰতিভা মণ্ডলৰ ৷
কেৰালা চৰকাৰে আয়োজন কৰা কাৰুণ্য প্লাছ লটাৰীৰ বাম্পাৰ প্ৰাইজ জিকিলে শ্ৰমিকগৰাকীয়ে ৷
৪০ টকীয়া টিকট কিনি লাভ কৰিলে ৮০ লাখ টকা ৷
হঠাতে এই বৃহৎ অংকৰ ধন লাভ কৰি নিৰাপত্তাহীনতাত ভোগা শ্ৰমিকগৰাকীয়ে পূজাপূৰা আৰক্ষীৰ আশ্ৰয় লয় ৷
আৰক্ষীয়ে নিৰাপত্তাৰ খাতিৰত প্ৰতিভাক নিৰাপত্তাৰক্ষী প্ৰদান কৰাৰ লগতে পূজাপূৰাৰ কানাড়া বেংকত এটা একাউণ্ট খুলি দিয়ে ৷
কাৰণ শ্ৰমিকগৰাকীৰ নাছিল কোনো বেংক একাউণ্ট ৷
উল্লেখ্য, প্ৰতি বৃহস্পতিবাৰে আয়োজন কৰা এই কাৰুণ্য প্লাছ লটাৰী টিকটত প্ৰথম পুৰস্কাৰ হিচাপে আছিল ৮০ লাখ টকা ৷
দ্বিতীয় পুৰস্কাৰত আছিল ১০ লাখ টকা আৰু উদগনিমূলক পুৰস্কাৰত ৮০০০ টকা আগবঢ়ায় চৰকাৰে ৷
photo: google